Thursday 13 July 2017

তোমাৰ আশীষ মাগিছোঁ

তোমাৰ আশীষ মাগিছোঁ
আশীষ আমাক দিয়াঁ
তোমাৰ স্বৰ্গীয় জ্যোতিৰে
জীৱন পূৰ্ণ কৰাঁ৷

জীৱনৰ আহাৰ যীচু তুমি
ক্ষুধা মোৰ তৃপ্ত কৰাঁ
তৃষ্ণাতুৰৰ এই প্ৰাণত তুমি
জীৱনজল বাঁকি দিয়া
মৃতপ্ৰায় আত্মা জগাই তোলাঁ
ক্লান্তি আঁতৰ কৰাঁ
তোমাৰ শক্তিত প্ৰভু তুমি
আমাক আগুৱাই নিয়াঁ৷

তোমাৰ দয়াৰ অবিহনে
মোৰ আৰু একোঁ নাই
তোমাৰ চৰণত এধানি প্ৰভু
আজি মোক দিয়া ঠাই
তুমিয়েই মোৰ জীৱন সাৰথি
তুমিয়েই মোৰ শক্তি৷৷৷

কথা আৰু সুৰ : মুকুল বৰা
কণ্ঠ: ডঃ মাখন লাল দাস




আমি জীৱন নদীৰ নাঁৱৰীয়া

আমি জীৱন নদীৰ নাঁৱৰীয়া
নাওঁখনিও আমাৰ টুলুঙা
আহিছে গৰছি ঢৌ-ধুমুহা
যীচু উদ্ধাৰিবাঁ আমাক পাৰ কৰিবা৷

যেতিয়া মুকলি আছিল আকাশ
নাছিল ঢৌ এই বিশাল নদীত
নিজকে লৈ আমি বিভোৰ হ'লোঁ
তোমাৰ কথা পাহৰি গ'লোঁ
যেতিয়া মুকলি আছিল আকাশ নাছিল ঢৌ এই  নদীত
নিজকে লৈ আমি বিভোৰ হ'লোঁ তোমাক পাহৰিলোঁ৷৷

ভাবিছিলোঁ আমি আপোন বলে
নাওঁ বাই যাম নিৰাপদে
আজিহে বুজিলোঁ প্ৰভু আমি
নিস্তাৰ নাই তোমাৰ বিনে
ভাবিছিলোঁ আমি আপোন বলে  পাৰ পাম অনায়াসে
আজিহে বুজিলোঁ প্ৰভু আমি উপায় তোমাতেহে ৷৷

কথা: ডঃ মাখন লাল দাস
কণ্ঠ: মুকুল বৰা, ডঃ মাখন লাল দাস

গানটোৰ বাবে ক্লিক কৰক   

জীৱন যদি বিফলতাই হয়

জীৱন যদি বিফলাই হয়
দুখৰ যদি পাৰাপাৰ নাই
তোমাৰ সেই দুখৰ ভাৰ যীচুক দিয়া
প্ৰাৰ্থনাৰে আজি তেওঁলৈ আঁহা
নিসঙ্গতা তেওঁত দূৰ হয়
ভয়ৰো তাত স্থান নাই
দুখৰ ছাঁয়া তাত নাই
তেওঁযে শান্তিৰ আঁকৰ৷

সুখ যদি তোমাৰ জীৱনত আছে
আশীৰ্বাদ যদি বৰষিছে
তোমাৰ সেই সুখৰ ভাগ তেওঁক দিয়া
প্ৰাৰ্থনাৰে আজি তেওঁলৈ আঁহা
নিসঙ্গতা তেওঁত দূৰ হয়
ভয়ৰো তাত স্থান নাই
দুখৰ ছাঁয়া তাত নাই
তেওঁযে শান্তিৰ আঁকৰ৷

কথা আৰু সুৰ: মুকুল বৰা
কন্ঠ: ডঃ মাখন লাল দাস

গানটোৰ বাবে ক্লিক কৰক:   

যীচু মোক ভাল পোৱা

যীচু মোক ভাল পোৱা                        
মোৰ বাবে প্ৰাণ দিলা
ক্ৰুচতে তেজ বোৱাই
পাপ মোৰ ধুই নিলা

পাপৰ সাগৰতে আছিলোঁ হাবুডুবু খাই
অবাটে গৈছিলোঁ পথ মোৰ বিচাৰি নাপাই
তুমি আহি প্ৰেম কৰি
নতুন জীৱন মোক দিলা৷

জীৱনৰ ভাৰ মোৰ আছিলে পৰ্বত সমান
তোমাৰ আশ্ৰয়তে পালোঁহি মই বিশ্ৰাম
এন্ধাৰো আঁতৰি গ'ল
সত্যৰ পোহৰ মোক দিলা৷

কথা আৰু কণ্ঠ: ডঃ মাখন লাল দাস
সুৰ: প্ৰশান্ত চৌধুৰী

গীতটোৰ বাবে ক্লিক কৰক: